২৭ ছেপ্টেম্বৰত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 26th, 09:05 pm

২৭ ছেপ্টেম্বৰত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দিনৰ প্ৰায় ১১:৩০ বজাত তেওঁ ঝাৰছুগুদাত ৬০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ ৰাইজক উদ্দেশ্যি ভাষণ দিব। এই প্ৰকল্পসমূহে টেলিকমিউনিকেচন, ৰে’লৱে, উচ্চ শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, গ্ৰাম্য গৃহ নিৰ্মাণ খণ্ড আদিৰ লগতে অন্যান্য বিষয়সমূহক সামৰি লৈছে। টেলিকম সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে স্বদেশী প্ৰযুক্তিৰে প্ৰায় ৩৭,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৯৭,৫০০ৰো অধিক মোবাইল ৪জি টাৱাৰৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত বিএছএনএলৰ কমিচন দিয়া ৯২,৬০০ৰো অধিক ৪জি প্ৰযুক্তি ছাইট অন্তৰ্ভুক্ত। ডিজিটেল ভাৰত নিধিৰ অধীনত ১৮,৯০০ৰো অধিক ৪জি ছাইটৰ বাবে ধন আগবঢ়োৱা হৈছে যিয়ে দূৰৱৰ্তী, সীমান্ত, আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলৰ প্ৰায় ২৬,৭০০ অসংলগ্ন গাঁও সংযোগ কৰিব, ২০ লাখৰো অধিক নতুন গ্ৰাহকক সেৱা আগবঢ়াব। এই টাৱাৰসমূহ সৌৰশক্তিচালিত, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ সেউজ টেলিকম ছাইটৰ ক্লাষ্টাৰ আৰু বহনক্ষম আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক পদক্ষেপ।