ওড়িশাৰ ঝাৰছুগুডাত উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 27th, 11:45 am
কিছুমান ডেকা বন্ধুৱে ইয়ালৈ বহুতো শিল্পকৰ্ম লৈ আহিছে। ওড়িশাৰ শিল্পৰ প্ৰতি থকা প্ৰেম বিশ্ববিখ্যাত। মই আপোনালোক সকলোৰে পৰা এই উপহাৰ গ্ৰহণ কৰিছো আৰু মোৰ এছ পি জিৰ সহকৰ্মীসকলক আপোনালোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰিবলৈ কৈছো। পিছফালে নাম ঠিকনা লিখিলে মোৰ পৰা নিশ্চয় চিঠি লাভ কৰিব । তাত এটি শিশুৱে কিবা এটা হাতত লৈ থিয় হৈ আছে। তাৰ হাত দুখন বিষাইছে। বহু সময় ধৰি তেওঁ সেয়া দাঙি লৈ ফুৰিছে। সেইটোও সংগ্ৰহ কৰক । অনুগ্ৰহ কৰি তেওঁক সহায় কৰক। যদি আপোনালোকে পিছফালে আপোনালোকৰ নাম লিখিছে তেন্তে মই আপোনালোকক নিশ্চয় চিঠি লিখিম। আপোনালোক সকলো যুৱক-যুৱতী, যুৱতী, সৰু ল’ৰা-ছোৱালীক আপোনালোকৰ মৰমৰ পৰা শিল্পকৰ্ম সৃষ্টি কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন
September 27th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।কেন্দ্ৰীয় বাজেট ২০২৩ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অনুবাদ
February 01st, 02:01 pm
অমৃতকালৰ এই প্ৰথম বাজেটে উন্নত ভাৰতৰ বিশাল সংকল্প পূৰণ কৰিবলৈ এক শক্তিশালী ভেটি গঢ়ি তুলিব। এই বাজেটে দুখীয়াসকলক অগ্ৰাধিকাৰ প্ৰদান কৰে। এই বাজেটে আজিৰ উচ্চাকাংক্ষী সমাজ- গাওঁ, দৰিদ্ৰ, কৃষক, মধ্যবিত্তসকলৰ সপোন পূৰণ কৰিব।এইখন বাজেটে বঞ্চিতসকলক প্ৰথমিকতা প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
February 01st, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ ‘অমৃত কাল’ৰ প্ৰথমখন বাজেটে উন্নত ভাৰতৰ আশা-আকাংক্ষা আৰু সংকল্পসমূহ পূৰণৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। তেওঁ কয় যে এই বাজেটে বঞ্চিতসকলৰ লগতে উচ্চাকাংক্ষী সমাজ, দৰিদ্ৰ, গাওঁ আৰু মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰথমিকতা প্ৰদান কৰিছে।Centre extends Pradhan Mantri Garib Kalyan Ann Yojana (PMGKAY) for another three months (October 2022-December 2022)
September 28th, 04:06 pm
Union Cabinet has approved the extension for the Pradhan Mantri Garib Kalyan Anna Yojana (PMGKAY-Phase VII) for a further period of 3 months i.e. October to December 2022. Recognising that people have gone through a difficult period of pandemic, Govt has decided to extend PMGKAY for three months.