ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
January 30th, 10:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৱে সদায় স্বদেশীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাৰ সংকল্পৰ এক মৌলিক স্তম্ভ। ‘তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মই দেশৰ জনসাধাৰণক কৰ্তব্যৰ পথত আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰাণিত কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।অযোধ্যাত ৰাম লালাৰ প্ৰাণ-প্রতিষ্ঠাৰ দ্বিতীয় বাৰ্ষিকী উপলক্ষে শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 31st, 01:51 pm
শ্ৰী মোদীয়ে এই বাৰ্ষিকীক ভাৰতৰ বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্যৰ এক ঐশ্বৰিক উদযাপন বুলি অভিহিত কৰে। তেওঁ ভাৰত আৰু বিদেশৰ অগণন ভক্তৰ হৈ ভগৱান শ্ৰীৰামৰ চৰণত শ্ৰদ্ধাৰে প্ৰণিপাত জনায় আৰু সকলো দেশবাসীলৈ তেওঁৰ অসীম শুভেচ্ছা জ্ঞাপন কৰে।লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ৭৫সংখ্যক মৃত্যুবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 15th, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ৭৫সংখ্যক মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে চৰ্দাৰ পেটেলে তেওঁৰ গোটেই জীৱনটো ৰাষ্ট্ৰক একত্ৰিত কৰা আৰু একেডাল সুতাতে ভাৰতক গথাঁৰ বাবে উৎসৰ্গা কৰিছিল।ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
November 09th, 01:00 pm
৯ নৱেম্বৰৰ এই দিনটো হৈছে দীঘলীয়া তপস্যাৰ ফল। আজি আমাৰ সকলোৰে বাবে এক গৌৰৱৰ দিন। উত্তৰাখণ্ডৰ ধৰ্মীয় লোকসকলে বছৰ বছৰ ধৰি দেখা সপোন অটলজীৰ চৰকাৰৰ অধীনত ২৫ বছৰ পূৰ্বে পূৰণ হৈছিল আৰু এতিয়া যোৱা ২৫ বছৰৰ যাত্ৰাৰ পাছত, এই সুন্দৰ ৰাজ্যখন নিৰ্মাণৰ বাবে সংগ্ৰাম কৰা প্ৰতিজন ব্যক্তিয়েই আজি উত্তৰাখণ্ড যি উচ্চতাত আছে সেয়া দেখি সুখী হোৱাটো স্বাভাৱিক। যিসকলে পৰ্বতমালাক ভাল পায়, যিসকলে উত্তৰাখণ্ডৰ সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, দেৱভূমিৰ লোকসকলক ভাল পায়, তেওঁলোকৰ মন আজি সুখী।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে
November 09th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে দেৱভূমি উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁৰ আন্তৰিক অভিবাদন, সন্মান আৰু সেৱা প্ৰদান কৰে।ৰাজ্যখনৰ ২৫ সংখ্যক বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে
November 09th, 09:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰকৃতিৰ কোলাত বাস কৰা আমাৰ এই ঐশ্বৰিক ভূমিয়ে আজি পৰ্যটনৰ লগতে প্ৰতিটো ক্ষেত্ৰতে প্ৰগতিৰ এক নতুন গতি লাভ কৰিছে, শ্ৰী মোদীয়ে কয়।শ্ৰী ৰাম বিলাস পাছৱানৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
October 08th, 10:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ জনপ্ৰিয় নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছৱানক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
September 26th, 08:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।মেক ইন ইণ্ডিয়া পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱাত আনন্দিত প্ৰধানমন্ত্ৰী
September 25th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেক ইন ইণ্ডিয়া পদক্ষেপৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতিতন্ত্ৰত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱক লৈ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ভাৰতীয় উদ্যোগীসকলক মেক ইন ইণ্ডিয়াই প্ৰদান কৰা প্ৰেৰণা আৰু ইয়াৰ বৈশ্বিক প্ৰভাৱৰ প্ৰশংসা কৰে।১৮৯৩ চনত চিকাগোৰ বিশ্ব ধৰ্ম সংসদত স্বামী বিবেকানন্দৰ ঐতিহাসিক ভাষণ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
September 11th, 08:49 am
চিকাগোৰ বিশ্ব ধৰ্ম সংসদত স্বামী বিবেকানন্দৰ ঐতিহাসিক ভাষণৰ ১৩২ সংখ্যক বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে একতা আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ ওপৰত গুৰুত্ব দিয়া এয়া এক তাৎপৰ্য মুহূৰ্ত। তেওঁ লগতে কয় যে এয়া আমাৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক মুহূৰ্তৰ ভিতৰত অন্যতম।মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
July 26th, 06:47 pm
মালে ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে। মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মুইজ্জুৱে আতিথ্য প্ৰদান কৰা ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী পৰ্যায়ৰ প্ৰথমজন বিদেশী নেতা হিচাপেও পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী।প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
May 21st, 08:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ছিকিম ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছে
May 16th, 10:13 am
‘ৰাজ্য প্ৰতিস্থা দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই বছৰৰ এই অনুষ্ঠানটোৱে নিতান্তই বিশেষ গুৰুত্ব বহণ কৰিছে, কিয়নো আমি ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত, শ্ৰী মোদীয়ে লগতে কয়।‘মুদ্ৰা যোজনা’ৰ দশম বাৰ্ষিকীত ইয়াৰ ৰূপান্তৰণশীল প্ৰভাৱৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 08th, 09:08 am
দেশে #10YearsOfMUDRA উদযাপনৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (পিএমএমৱাই)ৰ হিতাধিকাৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
March 30th, 11:42 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ ৱাৰ্মাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে অহা ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত জাহান-ই-খুছৰৌ ২০২৫ত অংশগ্ৰহণ কৰিব
February 27th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭:৩০ বজাত নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত হ’বলগীয়া বৃহৎ চুফী সংগীত উৎসৱ জাহান-ই-খুছৰাউ ২০২৫ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বৈচিত্ৰময় কলা-সংস্কৃতিক প্ৰচাৰৰ প্ৰবল সমৰ্থক হিচাপে কাম কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি তেওঁ জাহান-ই-খুছৰাউত অংশগ্ৰহণ কৰিব যিটো চুফী সংগীত, কবিতা, আৰু নৃত্যৰ প্ৰতি উৎসৰ্গিত এক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ। ই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক একত্ৰিত কৰি আমিৰ খুছৰাউৰ উত্তৰাধিকাৰ উদযাপন কৰিব। ৰুমী ফাউণ্ডেচনৰ উদ্যোগত ২০০১ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্পী মুজাফ্ফৰ আলীয়ে আৰম্ভ কৰা এই মহোৎসৱ চলিত বৰ্ষত ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব আৰু ২৮ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে টি ই এইচ বজাৰ (টি ই এইচ- দ্য এক্সপ্ল’ৰেশ্যন অৱ দ্য হেণ্ডমেড)ও পৰিদৰ্শন কৰিব য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৱান ডিষ্ট্ৰিক্ট-ৱান প্ৰডাক্টৰ শিল্পকৰ্ম আৰু অন্যান্য বিভিন্ন সুন্দৰ শিল্পকৰ্ম, হস্তশিল্প আৰু হাতৰ তাঁতশালৰ ওপৰত চুটি ছবি আদিৰ লগতে আন বহুতো সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব।মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 30th, 09:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আমাৰ ৰাষ্ট্ৰখনৰ বাবে শ্বহীদ বৰণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ সেৱা তথা ত্যাগৰ কথাও স্মৰণ কৰে।অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জনায়
January 11th, 09:53 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰামলাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে শতিকাজোৰা ত্যাগ, তপস্যা আৰু সংগ্ৰামৰ অন্তত নিৰ্মিত এই মন্দিৰটো আমাৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক মহান ঐতিহ্য।মৃত্যু বাৰ্ষিকীত চৰ্দাৰ বল্লভভাই পেটেললৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
December 15th, 09:32 am
মৃত্যুবাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে শ্ৰী পেটেলৰ ব্যক্তিত্ব আৰু কাৰ্যাৱলী দেশৰ ঐক্য, অখণ্ডতা আৰু উন্নত ভাৰত গঢ়াৰ সংকল্পৰ সফলতাৰ বাবে নাগৰিকসকলৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।PM Modi to participate in 200th year celebrations of Shree Swaminarayan Mandir in Vadtal, Gujarat
November 10th, 07:09 pm
Prime Minister Shri Narendra Modi will participate in the 200th anniversary celebration of Shree Swaminarayan Mandir in Vadtal, Gujarat on 11th November at around 11:15 AM, through video conferencing. He will also address the gathering on the occasion.