কবি, চিন্তাবিদ আন্দে শ্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

November 10th, 03:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত কবি আৰু চিন্তাবিদ আন্দে শ্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে আন্দে শ্ৰীৰ বিয়োগে আমাৰ সাংস্কৃতিক আৰু বৌদ্ধিক পৰিৱেশত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ চিন্তাই তেলেংগানাৰ আত্মাক প্ৰতিফলিত কৰিছিল। এগৰাকী প্ৰসিদ্ধ কবি আৰু চিন্তাবিদ, তেওঁ জনসাধাৰণৰ কণ্ঠস্বৰ আছিল, তেওঁলোকৰ সংগ্ৰাম, আকাংক্ষা আৰু অদমনীয় মনোভাৱ প্ৰকট কৰিছিল। তেওঁৰ কথাবোৰ আছিল হৃদয়স্পৰ্শী, সকলো কণ্ঠস্বৰ একত্ৰিত কৰা আৰু সমাজৰ সামূহিক স্পন্দনৰ আকৃতি দিয়াৰ শক্তি আছিল তেওঁৰ। তেওঁ যি ধৰণে সামাজিক চেতনাক কাব্যিক সৌন্দৰ্য্যৰ সৈতে সংমিশ্ৰিত কৰিছিল সেয়া আছিল অসামান্য, শ্ৰী মোদীয়ে কয়।