পশ্চিম বংগৰ কলকাতাত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 14th, 02:15 pm
ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শান্তনু ঠাকুৰ জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, মোৰ সতীৰ্থ সংসদ সদস্য শমিক ভট্টাচাৰ্য জী, অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল,পশ্চিমবংগৰ কলকাতাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে
March 14th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ কলকাতাত ১৮ হাজাৰ কোটিতকৈ অধিক টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, আজি কলকাতাৰ ভূমিৰ পৰা পশ্চিম বংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে।প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অনুষ্ঠানত পথ, ৰে’লৱে, আৰু বন্দৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত ১৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা হৈছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিব, আৰু লাখ লাখ লোকক নতুন সুযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱন সহজ কৰি তুলিব। কিছুমান মূল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ হ’লে পশ্চিম বংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। তেওঁ দুবৰাজপুৰ বাইপাছ আৰু কংসাবতী আৰু শিলাবটি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰধান দলংসমূহৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংযোগ আৰু অধিক উন্নত হ’ব। শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।১৪ মাৰ্চত পশ্চিম বংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 12th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ মাৰ্চত পশ্চিম বংগ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে কলকাতাত প্ৰায় ১৮,৬৮০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 22nd, 01:30 pm
বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 22nd, 01:12 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।অযোধ্যাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 30th, 02:15 pm
অযোধ্যাজীৰ সকলো ৰাইজক মোৰ প্ৰণাম! আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ। এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উত্তেজনা আৰু উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো কণা আৰু ভাৰতবাসীৰ উপাসক আৰু আপোনালোকৰ দৰেই মইও সমানেই আগ্ৰহী। আমাৰ সকলোৰে এই উৎসাহ আৰু উত্তেজনা অলপ সময়ৰ আগতে অযোধ্যাজীৰ ৰাজপথত সম্পূৰ্ণৰূপে দেখা গৈছিল। এনে লাগিছিল যেন গোটেই অযোধ্যা চহৰখন ৰাজপথলৈ ওলাই আহিল। এই মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক - সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়।১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
December 30th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধামত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্পৰ সৈতে জড়িত প্ৰায় ৪৬০০ কোটি টকাৰ প্ৰকল্প আছে।ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।