
কেবিনেটে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ (BVFCL) বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া কমপ্লেক্স নামৰূপ ৪ৰ্থ সাৰ প্ৰকল্প স্থাপনত অনুমোদন জনায়
March 19th, 04:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি অসমৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ (BVFCL) বৰ্তমানৰ চৌহদত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন (LMT) ইউৰিয়া উৎপাদনৰ ক্ষমতা সম্পন্ন এটি নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ আনুমানিক মুঠ প্ৰকল্প ব্যয় হ’ব নতুন বিনিয়োগ নীতি, ২০১২ আৰু ৭ অক্টোবৰ, ২০১৪ত ইয়াৰ সংশোধনীৰ অধীনত জইন্ট ভেন্সাৰ (JV)ৰ জৰিয়তে ৭০:৩০ ঋণ ইকুইটি অনুপাতৰে ১০,৬০১.৪০ কোটি টকা। নামৰূপ-৪ৰ্থ প্ৰকল্প কাৰ্য্যক্ষম হৈ উঠাৰ আনুমানিক সামগ্ৰিক সময়সীমা ৪৮ মাহ।