ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

July 09th, 06:02 am

প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।