ছাৰ্বিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

February 18th, 03:40 pm

​ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি. এআই ইমপেক্ট ছামিটৰ সময়তে ছাৰ্বিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ বুচিচৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে এআই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি বুচিচক ধন্যবাদ জনায়। তেওঁ ৰাষ্ট্ৰপতি বুচিচে ২০১৭ চনত ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটত অংশগ্ৰহণ কৰা আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হোৱা দ্বিতীয় ভইচ অৱ দ্য গ্ল’বেল চাউথ ছামিটত অংশগ্ৰহণ কৰাৰ বিষয়েও স্মৰণ কৰে।