প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধনেৰে সমবেতসকলক সম্বোধন কৰে

February 21st, 05:00 pm

আজি দিল্লীত মাৰাঠী ভাষাৰ প্ৰতি উৎসৰ্গিত এই সন্মানীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কেৱল এটা ভাষা বা ৰাজ্যতে সীমাবদ্ধ নহয়। মাৰাঠী সাহিত্যৰ এই সন্মিলনে স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্ম, লগতে মহাৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ সাংস্কৃতিক ঐতিহ্যক বহন কৰে। জ্ঞানেশ্বৰ আৰু টুকাৰামৰ মাৰাঠী ভাষাক আজি ৰাজধানী দিল্লীত সম্পূৰ্ণ অন্তৰেৰে সন্মান জনোৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে

February 21st, 04:30 pm

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ নতুন দিল্লীত আয়োজিত মাৰাঠী ভাষাৰ বৃহৎ অনুষ্ঠানত সকলো মাৰাঠীক আদৰণি জনায়। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কোনো ভাষা বা অঞ্চলত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সন্মিলনত স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্মৰ লগতে মহাৰাষ্ট্ৰ আৰু দেশৰ সাংস্কৃতিক ঐতিহ্যও সন্নিবিষ্ট কৰা হৈছে। ১৮৭৮ চনৰ পৰা এতিয়ালৈকে অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলনখনে ১৪৭ বছৰীয়া ভাৰতৰ যাত্ৰাৰ সাক্ষী হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী মহাদেৱ গোবিন্দ ৰানাদে, শ্ৰী হৰি নাৰায়ণ আপ্তে, শ্ৰী মাধৱ শ্ৰীহৰি আনে, শ্ৰী শিৱৰাম পাৰাঞ্জপে, শ্ৰীযুত বীৰ সাৱৰকৰৰ দৰে বহু দীক্ষিত ব্যক্তিয়ে সন্মিলনৰ সভাপতিত্ব কৰিছিল। এই গৌৰৱময় পৰম্পৰাৰ অংশ হ’বলৈ শ্ৰী শৰদ পাৱাৰে আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এই অনুষ্ঠানৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ সকলো মাৰাঠী অনুৰাগীলৈ অভিনন্দন জ্ঞাপন কৰে। আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাৰাঠী ভাষাৰ কথা ভাবিলে সন্ত জ্ঞানেশ্বৰৰ পদ্যৰ কথা মনত পেলোৱাটো একেবাৰে স্বাভাৱিক। সন্ত জ্ঞানেশ্বৰৰ এটা পদ্য আবৃত্তি কৰি শ্ৰী মোদীয়ে বুজাই দিয়ে যে মাৰাঠী ভাষা অমৃততকৈও মধুৰ আৰু সেয়েহে মাৰাঠী ভাষা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম আৰু স্নেহ অপৰিসীম। মাৰাঠী পণ্ডিতসকলৰ দৰে পাকৈত নহ’লেও প্ৰধানমন্ত্ৰীয়ে বিনম্ৰতাৰে কয় যে তেওঁ সদায় মাৰাঠী শিকিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনখন উল্লেখযোগ্য সময়ত অনুষ্ঠিত হৈছিল যেতিয়া দেশে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰীয়া জয়ন্তী, পুণ্যশ্ৰক অহিল্যবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী আৰু বাবাছাহেব আম্বেদকাৰৰ প্ৰচেষ্টাত সৃষ্টি হোৱা আমাৰ সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তীৰ সাক্ষী হৈছে। এশ বছৰ পূৰ্বে এজন বিশিষ্ট মাৰাঠী ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ মাটিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বীজ ৰোপণ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে আজি ই শতবাৰ্ষিকী উদযাপন কৰি এক বিশাল গছত পৰিণত হৈছে। তেওঁ জোৰ দি কয় যে বিগত ১০০ বছৰে আৰ এছ এছে নিজৰ সাংস্কৃতিক প্ৰচেষ্টাৰ জৰিয়তে বেদৰ পৰা বিবেকানন্দলৈকে ভাৰতৰ মহান পৰম্পৰা আৰু সংস্কৃতিক নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে। তেওঁ উল্লেখ কৰে যে আন লাখ লাখ লোকৰ সৈতে তেওঁৰ সৌভাগ্য হৈছে যে আৰ এছ এছৰ দ্বাৰা দেশৰ বাবে জীয়াই থাকিবলৈ অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে এই কথাও স্বীকাৰ কৰে যে আৰ এছ এছৰ জৰিয়তেহে তেওঁ মাৰাঠী ভাষা আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাইছিল। তেওঁ আলোকপাত কৰে যে কেইমাহমানৰ আগতে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল, যাৰ বাবে ভাৰত আৰু বিশ্বৰ ১২ কোটিৰো অধিক মাৰাঠী ভাষীয়ে এই স্বীকৃতিৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি আছিল। এই কামটো সম্পন্ন কৰাৰ সুযোগ পোৱাটো তেওঁ জীৱনৰ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰিছে।“ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় বৰঞ্চ আমাৰ সংস্কৃতিৰ বাহক”, প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰে। তেওঁ উল্লেখ কৰে যে ভাষাসমূহ সমাজত জন্ম লোৱাৰ বিপৰীতে ইয়াক গঢ় দিয়াতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ আলোকপাত কৰে যে মাৰাঠীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ বহু ব্যক্তিৰ চিন্তাধাৰাক প্ৰকাশ কৰিছে, আমাৰ সাংস্কৃতিক বিকাশত অৰিহণা যোগাইছে। মাৰাঠী ভাষাৰ গুৰুত্ব সন্দৰ্ভত সমৰ্থ ৰামদাস জীৰ কথাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “মাৰাঠী হৈছে এক সম্পূৰ্ণ ভাষা, য’ত শৌৰ্য্য, সৌন্দৰ্য্য, সংবেদনশীলতা, সমতা, সমন্বয়, আধ্যাত্মিকতা, আৰু আধুনিকতা সন্নিবিষ্ট কৰা হৈছে”। তেওঁ উল্লেখ কৰে যে মাৰাঠীত ভক্তি, শক্তি, বুদ্ধি আদি অন্তৰ্ভুক্ত। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া ভাৰতত আধ্যাত্মিক শক্তিৰ প্ৰয়োজন হৈছিল তেতিয়া মহাৰাষ্ট্ৰৰ মহান সন্তসকলে ঋষিসকলৰ জ্ঞানক মাৰাঠী ভাষাত সুলভ কৰি তুলিছিল। তেওঁ মাৰাঠী ভাষাত ভক্তি আন্দোলনৰ জৰিয়তে সমাজক এক নতুন দিশ দেখুৱাই দিয়া সন্ত জ্ঞানেশ্বৰ, সন্ত টুকাৰম, সন্ত ৰামদাস, সন্ত নামদেৱ, সন্ত টুকদোজী মহাৰাজ, গডজে বাবা, গোৰা কুম্ভৰ, আৰু বাহিনাবাইৰ অৱদানক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আধুনিক যুগত শ্ৰী গজানন দিগম্বৰ মাদগুলকাৰ আৰু শ্ৰী সুধীৰ ফাডকেৰ গীত ৰামায়ণৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। যুগ যুগ ধৰি চলি থকা অত্যাচাৰৰ সময়ত মাৰাঠী ভাষা আগ্ৰাসীৰ পৰা মুক্তিৰ ঘোষণাত পৰিণত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ছাত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজ, বাজীৰাও পেশ্বৱাৰ দৰে মাৰাঠা যোদ্ধাসকলৰ শত্ৰুপক্ষৰ তীব্ৰ বিৰোধিতা কৰা বীৰত্বৰ কথা উল্লেখ কৰে। তেওঁ লক্ষ্য কৰে যে স্বাধীনতা সংগ্ৰামত বাসুদেৱ বলৱন্ত ফাডকে, লোকমান্য তিলক, বীৰ সাৱৰকাৰৰ দৰে সংগ্ৰামীয়ে ইংৰাজক বিঘ্নিত কৰিছিল। তেওঁলোকৰ অৱদানত মাৰাঠী ভাষা আৰু সাহিত্যৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰি কয় যে কেছাৰী আৰু মাৰাঠাৰ দৰে বাতৰি কাকত, কবি গোবিন্দগ্ৰজৰ শক্তিশালী কবিতা, ৰাম গণেশ গডকাৰীৰ নাটসমূহে জাতীয়তাবাদৰ মনোভাৱক লালন-পালন কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে লোকমান্য তিলক মাৰাঠী ভাষাত গীতা ৰহস্য ৰচনা কৰিছিল, যিয়ে সমগ্ৰ দেশতে নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। “মাৰাঠী ভাষা আৰু সাহিত্যই সমাজৰ নিপীড়িত আৰু বঞ্চিত শ্ৰেণীৰ বাবে সামাজিক মুক্তিৰ দুৱাৰ মুকলি কৰিছে”, শ্ৰী মোদীয়ে আলোকপাত কৰে। তেওঁ জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, মহৰ্ষি কাৰ্ৱে, ​​বাবাছাহেব আম্বেদকাৰ আদি মহান সমাজ সংস্কাৰকসকলৰ অৱদানৰ কথা উল্লেখ কৰে, যিসকলে মাৰাঠী ভাষাত নতুন যুগৰ চিন্তাধাৰাক লালন-পালন কৰিছিল। তেওঁ উল্লেখ কৰে যে মাৰাঠী ভাষাই দেশখনক চহকী দলিত সাহিত্য প্ৰদান কৰিছে। তেওঁ জোৰ দি কয় যে আধুনিক চিন্তাধাৰাৰ বাবেই মাৰাঠী সাহিত্যই কল্পবিজ্ঞানো উৎপন্ন কৰিছে। আয়ুৰ্বেদ, বিজ্ঞান, আৰু যুক্তিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ব্যতিক্ৰমী অৱদানক স্বীকাৰ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সংস্কৃতিয়ে সদায় নতুন ধাৰণা আৰু প্ৰতিভাক আমন্ত্ৰণ জনাই আহিছে, যাৰ ফলত মহাৰাষ্ট্ৰৰ অগ্ৰগতি হৈছে। তেওঁ মন্তব্য কৰে যে মুম্বাই কেৱল মহাৰাষ্ট্ৰৰ নহয়, সমগ্ৰ দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মুম্বাইৰ কথা কওঁতে ছবিৰ কথা নক’লে সাহিত্যৰ আলোচনা সম্পূৰ্ণ কৰিব নোৱাৰি। তেওঁ আলোকপাত কৰে যে মহাৰাষ্ট্ৰ আৰু মুম্বাইয়েই মাৰাঠী ছবি আৰু হিন্দী চিনেমা দুয়োটাকে উন্নীত কৰিছে। তেওঁ শিৱাজী সাৱন্তৰ মাৰাঠী উপন্যাসৰ জৰিয়তে সম্ভাজী মহাৰাজৰ বীৰত্বৰ পৰিচয় দিয়া ‘ছাৱ’ চিনেমাখনৰ বৰ্তমান জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে।

PM to inaugurate 98th Akhil Bharatiya Marathi Sahitya Sammelan on 21st February in Delhi

February 20th, 07:30 pm

Marathi was recently granted classical language status by the government. Taking this further and celebrating the rich culture and heritage of India, Prime Minister Shri Narendra Modi will inaugurate the 98th Akhil Bharatiya Marathi Sahitya Sammelan, on 21st February, at around 4:30 PM, at Vigyan Bhavan, New Delhi. He will also address the gathering on the occasion.