নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 04:00 pm
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।মহাৰাষ্ট্ৰৰ বাৰামতীৰ বিমান দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
January 28th, 11:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ বাৰামতী জিলাত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত কেইবাজনো লোকৰ প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। ‘দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। গভীৰ শোকৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখ সহিব পৰাকৈ শক্তি আৰু সাহসৰ বাবে প্ৰাৰ্থনা জনাইছো’, শ্ৰী মোদীয়ে কয়।শ্ৰী অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
January 28th, 11:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱা শ্ৰী অজিত পাৱাৰক এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যক্তিত্ব হিচাপে ব্যাপকভাৱে সন্মান জনোৱা হৈছিল। প্ৰশাসনিক বিষয়সমূহৰ বিষয়ে তেওঁৰ বোধগম্যতা আৰু দৰিদ্ৰ তথা নিপীড়িত লোকসকলৰ সবলীকৰণৰ প্ৰতি থকা আগ্ৰহো উল্লেখযোগ্য আছিল। ‘তেওঁৰ অকাল মৃত্যু অতি বেদনাদায়ক। তেওঁৰ পৰিয়াল আৰু অগণন অনুগামীলৈ সমবেদনা জ্ঞাপন কৰিছো’, শ্ৰী মোদীয়ে এইদৰে কয়।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জনায়
December 05th, 08:45 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জ্ঞাপন কৰিছে। উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।