Japan's expertise and investment combine with India's speed and scale, benefiting the entire world: PM Modi at India-Japan Joint Economic Forum

July 02nd, 03:35 pm

Addressing the India-Japan Joint Economic Forum, PM Modi congratulated Japanese companies on becoming part of the India-Japan success story. He noted that the PMO will organise a dedicated Japan Business Week, with senior PMO officials engaging with them to further improve Ease of Doing Business. He called upon business leaders to ensure that Japanese investment in India surpasses the target of 10 trillion yen over the next decade.

নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 27th, 08:30 pm

আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে

February 27th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে

February 22nd, 11:30 am

চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।

ভাৰতীয় এআই ষ্টাৰ্ট-আপৰ সৈতে ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

January 08th, 02:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৭, লোক কল্যাণ মাৰ্গৰ তেওঁৰ বাসভৱনত ভাৰতীয় কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্ট-আপৰ সৈতে ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰে।