আহমেদাবাদত সংঘটিত শোকাবহ বিমান দুৰ্ঘটনাৰ পিছত আহতসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 13th, 02:14 pm
অসংখ্য লোকৰ প্ৰাণ কাঢ়ি নিয়া শোকাবহ বিমান দুৰ্ঘটনাৰ পাছত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ ভ্ৰমণ কৰে। পীড়িত পৰিয়ালসমূহক সমবেদনা জনাই শ্ৰী মোদীয়ে ইয়াৰ পিছতে দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তিজনৰ লগতে একাংশ আহত লোকক সাক্ষাৎ কৰে আৰু এই জটিল সময়ত তেওঁলোকৰ প্ৰতি দেশবাসীৰ অটল সমৰ্থনৰ আশ্বাস দিয়ে।আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ মৃত লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
June 13th, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত সংঘটিত শোকাবহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷ তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁলোকে সহি থকা অপৰিসীম শোক আৰু ক্ষতিৰ কথা স্বীকাৰ কৰে।আহমেদাবাদৰ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, দ্ৰুত আৰু ফলপ্ৰসূ সহায়ৰ আশ্বাস
June 12th, 04:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত সংঘটিত শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে এই শোকাৱহ ঘটনাটোৱে ৰাষ্ট্ৰক স্তম্ভিত আৰু দুখিত কৰি তুলিছে। তেওঁ ইয়াক হৃদয় বিদাৰক বুলি বৰ্ণনা কৰে।