আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (কোটেশ্বৰ পথৰ পৰা বিমানবন্দৰ কৰিডৰ)ত কেবিনেটৰ অনুমোদন
June 10th, 01:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (এ) ত অনুমোদন জনাইছে য’ত ৫টা ষ্টেচনৰ সৈতে ৬.০৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ আছে। দ্বিতীয় পৰ্যায় (এ) ৰ কাৰ্য্যকৰীকৰণৰ পাছত আহমেদাবাদ-গান্ধীনগৰত ৭৭.৬৩কিলোমিটাৰ সক্ৰিয় মেট্ৰ’ ৰে’ল নেটৱৰ্ক থাকিব। দ্বিতীয় পৰ্যায়ৰ (এ) কৰিডৰত থকা ষ্টেচনসমূহৰ নাম হ’ল-আশ্ৰম পথ, কোটেশ্বৰ প্ৰাচীন মন্দিৰ, সবৰমতী নদী, চৰ্দাৰ নগৰ আৰু বিমানবন্দৰ।গুজৰাট মেট্ৰ’ ৰে’ল কৰ্পোৰেচন লিমিটেডৰ (জি এম আৰ চি) গিফ্ট চিটিৰ পৰা শ্বাহপুৰলৈ বৰ্তমানৰ উত্তৰ-দক্ষিণ কৰিডৰৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন
February 24th, 03:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি গিফ্ট চিটিৰ পৰা শ্বাহপুৰলৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে, যাৰ দৈৰ্ঘ্য হ’ব ৩.৩৩ কিলোমিটাৰ আৰু ইয়াত তিনিটা এলিভেটেড ষ্টেচন অন্তৰ্ভুক্ত থাকিব। প্ৰায় চাৰি বছৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পৰিকল্পনা কৰা হৈছে।আহমেদাবাদ মেট্ৰ' ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 16th, 02:42 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। যাত্ৰাৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে।