Congress = shop of lies, insult to the people: PM Modi in Hojai, Assam

April 06th, 11:20 am

PM Modi addressed a massive public meeting in Hojai, Assam. In his speech, he cited examples from Congress-ruled states and said that their guarantees fail on the ground. He warned Assam’s voters to remain cautious of misleading promises. He also raised concerns over illegal infiltration and its impact on Assam’s identity, land, and employment.

PM Modi addresses massive public meetings in Barpeta, Hojai and Dibrugarh

April 06th, 11:00 am

PM Modi addressed massive public meetings in Barpeta, Hojai and Dibrugarh, as election campaigning in Assam gathered strong momentum. Addressing enthusiastic crowds, PM Modi highlighted the vision of a self-reliant and Viksit Assam. He launched a strong attack on Congress, accusing it of promoting family-first politics, corruption, and false promises. He also spoke about expanding welfare initiatives along with ensuring reservation for women through the Nari Shakti Vandan Act.

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 07th, 03:15 pm

মই যোৱা সপ্তাহত ৰাজস্থান ভ্ৰমণৰ সুযোগ পাইছিলো। আজমেৰৰ পবিত্ৰ ভূমিৰ পৰা আমি কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিলো। সেই একেটা কাৰ্য্যসূচীতে ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আৰু এতিয়া আজমেৰ ভ্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে আজি কোটাৰ এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছো। এসপ্তাহৰ ভিতৰতে ৰাজস্থানৰ এই দুই বৃহৎ উন্নয়ন কাৰ্য্যসূচীয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। এইসমূহে আজি ৰাজস্থান দ্ৰুতগতিত আগবাঢ়ি যোৱাটোকে প্ৰদৰ্শিত কৰিছে। আন্তঃগাঁথনিয়েই হওক, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগেই হওক, কৃষক-মহিলা সকলৰ বাবে আঁচনিয়েই হওক বা প্ৰতিটো খণ্ডৰ পদক্ষেপেই হওক- সমগ্ৰ ৰাজস্থানত কাম-কাজ অতি বেগেৰে সম্পন্ন হৈ আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপনেৰে হাডোটি অঞ্চলৰ ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে

March 07th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্বোধন কৰি ইয়াক হাডোটি অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কাৰ্য্য বুলি অভিহিত কৰে। “ৰাজস্থান অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, নতুন বিমানবন্দৰটো অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব”, শ্ৰী মোদীয়ে কয়।

Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar

May 27th, 11:30 am

PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.

গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 27th, 11:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ২৩ মে'ত নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব

May 22nd, 04:13 pm

উত্তৰ-পূব অঞ্চলক সুযোগৰ দেশ হিচাপে চিহ্নিত কৰা, বৈশ্বিক আৰু ঘৰুৱা বিনিয়োগক আকৰ্ষিত কৰা, আৰু মুখ্য অংশীদাৰ, বিনিয়োগকাৰী তথা নীতি নিৰ্ধাৰকসকলক একেখন মঞ্চতে একত্ৰিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে'ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত পুৱা প্ৰায় ১বজাত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

February 06th, 04:21 pm

মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ

February 06th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 09th, 11:00 am

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।

ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 09th, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

স্বনিৰ্ভৰশীলতাৰ বাবে খাদ্য সুৰক্ষা আহৰণ কৰিব পৰাকৈ বহনক্ষম কৃষি আৰু কৃষোন্নতি যোজনা (কে ওৱাই)ক উত্সাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (পিএম-আৰকেভিওৱাই)লৈ অনুমোদন জনাইছে কেবিনেটে

October 03rd, 09:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত চলি থকা সকলো ‘কেন্দ্ৰীয় পৃষ্ঠপোষকতাযুক্ত আঁচনি’ (চিএছএছ)ক দুখন ‘আম্ব্ৰেলা’ আঁচনি, যেনে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ (পিএম-আৰকেভিওৱাই)শীৰ্ষক এক ‘কেফেটেৰিয়া’ আঁচনি,আৰু ‘কৃষোন্নতি যোজনা’ (কে ওৱাই)ত যৌক্তিককৰণৰ বাবে কৃষি আৰু কৃষক কল্যাণ বিভাগ (ডিএ এণ্ড এফডব্লিউ)য়ে আগবঢ়োৱা প্ৰস্তাৱলৈ অনুমোদন জনায়। ‘পিএম-আৰকেভিওৱাই’-য়ে বহনক্ষম কৃষিক উত্সাহিত কৰিব, আনহাতে ‘কে ওৱাই’য়ে ‘খাদ্য সুৰক্ষা’ আৰু ‘কৃষিৰ স্বনিৰ্ভৰশীলতা’ নিশ্চিত কৰিব। সকলো উপাদানে বিভিন্ন উপাদানৰ দক্ষ আৰু কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ সুবিধা ল'ব।

Today, the country is undertaking holistic initiatives for the betterment of tribal communities: PM Modi

October 27th, 02:46 pm

PM Modi addressed the program marking the centenary birth year celebrations of late Shri Arvind Bhai Mafatlal in Chitrakoot, Madhya Pradesh. PM Modi cited the life of Arvind Mafatlal as an example of glory of the company of saints as he dedicated his life and made it into a resolution of service in the guidance of Param Pujya Ranchhoddasji Maharaj. The PM said that we should imbibe the inspirations of Arvind Bhai.

মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীৰ সম্বোধন

October 27th, 02:45 pm

আজি মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰী সাধগুৰু সেৱা সংঘ ট্ৰাষ্ট ১৯৬৮ চনত পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল। পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ শ্ৰী অৰবিন্দ ভাই মফতলালে ট্ৰাষ্ট প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰী অৰবিন্দ ভাই মফতলাল স্বাধীনোত্তৰ ভাৰতৰ অন্যতম আগশাৰীৰ উদ্যোগী আছিল, যিয়ে দেশৰ বৃদ্ধিৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

The friendship between India and Russia has stood the test of time: PM Modi

September 03rd, 10:33 am

PM Narendra Modi delivered a video-address during the plenary session of the 6th Eastern Economic Forum. The PM stressed on the importance of greater economic and commercial engagement between the two sides in line with the ‘Special and Privileged Strategic Partnership’.

ভ্লাদিভষ্টকত অনুষ্ঠিত ষষ্ঠ পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম ২০২১-ত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল-সম্বোধন

September 03rd, 10:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ছেপ্টেম্বৰ ২০২১ তাৰিখে ভ্লাদিভষ্টকত অনুষ্ঠিত ষষ্ঠ পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ পূৰ্ণাংগ অধিৱেশনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, ২০১৯ত পঞ্চম পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ বৈঠকত প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী মোদীয়ে অংশ গ্ৰহণ কৰিছিল।