PM Narendra Modi receives a telephone call from the President of Brazil
January 22nd, 09:43 pm
Prime Minister Shri Narendra Modi received a telephone call today from the President of the Federative Republic of Brazil, His Excellency Mr. Luiz Inácio Lula da Silva.নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 14th, 11:00 am
আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে। তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। ময়ো তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। মই ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনালো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
January 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে “আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে” বুলি উল্লেখেৰে কয় যে তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। তেওঁ আৰু কয় যে তেৱোঁ তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। তেওঁ ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনায়।বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 12th, 06:45 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে
January 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
January 11th, 02:45 pm
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙজীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 23rd, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিঙজীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ লগতে কৃষিৰ প্ৰগতি আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে, শ্ৰী মোদীয়ে কয়।অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
December 21st, 04:25 pm
অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 21st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ওমান ভ্ৰমণৰ সময়ত ভাৰত - ওমানে প্ৰকাশ কৰা যুটীয়া বিবৃতি
December 18th, 05:28 pm
ওমানৰ চুলতান মহামহিম চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৭-১৮ ডিচেম্বৰলৈ ওমান ভ্ৰমণ কৰে। ২০২৫ চনৰ ১৮ ডিচেম্বৰত তেওঁক মহামহিম চুলতান হাইথাম বিন তাৰিকে আল বাৰাকা প্ৰাসাদত আদৰণি জনায়। শ্ৰী মোদীৰ এই ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে। কাৰণ প্ৰধানমন্ত্ৰী ভ্ৰমণ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই ভ্ৰমণ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ ভাৰত ভ্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কৰিছে।ওমানৰ মহামহিম চুলতানক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 18th, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কাত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰয়েল পেলেচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক মহামহিম তাৰিকে উষ্ম আদৰণি জনায় ।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণ
December 18th, 04:57 pm
- ঘনিষ্ঠ অৰ্থনৈতিক আৰু বাণিজ্যিক সংহতি শক্তিশালী কৰাৰ লগতে অধিক বিকশিত কৰা।ইথিঅ'পিয়াৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
December 17th, 12:25 pm
আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।ইথিঅ’পিয়াত সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 17th, 12:12 pm
প্ৰধানমন্ত্ৰীয়ে ইথিঅ’পিয়াৰ সাংসদসকলক ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ শুভেচ্ছা জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে সংসদত আৰু গণতন্ত্ৰৰ এই মন্দিৰৰ জৰিয়তে ইথিঅ’পিয়াৰ সাধাৰণ মানুহ-কৃষক, উদ্যোগী, গৌৰৱান্বিত মহিলা আৰু দেশৰ ভৱিষ্যত গঠন কৰা যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিবলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্য। তেওঁ ইথিঅ’পিয়াৰ জনসাধাৰণ আৰু চৰকাৰক তেওঁক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা-‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বহু বছৰ পুৰণি সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা
December 17th, 12:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদ্দিছ আবাবা ৰাষ্ট্ৰীয় প্ৰসাদত ইথিঅ’পিয়াৰ ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মাননীয় ড0 আবি আহমেদক সাক্ষাৎ কৰে। প্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী ড0 আবি আহমেদে আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়।ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
December 16th, 03:56 pm
জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।Today, new doors of opportunity are opening for every Jordanian business and investor in India: PM Modi during the India-Jordan Business Forum
December 16th, 12:24 pm
PM Modi and HM King Abdullah II addressed the India-Jordan Business Forum in Amman, calling upon industry leaders from both countries to convert potential and opportunities into growth and prosperity. Highlighting India’s 8% economic growth, the PM proposed doubling bilateral trade with Jordan to US $5 billion over the next five years.প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন
December 16th, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই আজি আম্মানত ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন কৰে। এই অনুষ্ঠানত মহামহিম ৰাজকুমাৰ হুচেইন আৰু জৰ্ডানৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আৰু বিনিয়োগ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। মহামহিম ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক বৃদ্ধিৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে উভয় পক্ষৰ উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকলক সম্ভাৱনা আৰু সুযোগসমূহক বিকাশ তথা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। মহামহিম ৰজাই উল্লেখ কৰে যে জৰ্ডানৰ মুক্ত বাণিজ্য চুক্তি আৰু ভাৰতৰ অৰ্থনৈতিক শক্তিক একত্ৰিত কৰি দক্ষিণ এছিয়া তথা পশ্চিম এছিয়া আৰু ইয়াৰ বহিৰাঞ্চলৰ মাজত এক অৰ্থনৈতিক কৰিডৰ সৃষ্টি কৰিব পাৰি।