আদমপুৰ বিমানবন্দৰৰ পুনৰ নামকৰণ কৰি শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ হিচাবে ৰখাটো শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলিঃ প্ৰধানমন্ত্ৰী
February 01st, 06:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় কৰে যে আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভ ক্ষণত আদমপুৰ বিমানবন্দৰ এতিয়াৰে পৰা শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ নামেৰে পৰিচিত কৰিবলৈ লোৱা সিদ্ধান্ত অপৰিসীম সন্মান আৰু গৌৰৱৰ বিষয়। শ্ৰী মোদীয়ে লগতে কয় যে শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি ই এক উপযুক্ত শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ সমতা, কৰুণা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে যথেষ্ট প্ৰেৰণা যোগাই আহিছে।অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিশেষ আলোচনা কালত প্ৰধানমন্ত্ৰী লোকসভাত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 29th, 05:32 pm
এই অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ বন্ধুসকলৰ সৈতে কথা পাতি থাকোঁতে সকলো সন্মানীয় সাংসদক আহ্বান জনাই এটা কথা উল্লেখ কৰিছিলোঁ। মই কৈছিলোঁ যে এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন। সংসদৰ এই অধিবেশন ভাৰতৰ গৌৰৱ গাঁথাৰ অধিৱেশন।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ ওপৰত বিশেষ আলোচনাৰ সময়ত লোকসভাত ভাষণ দিয়ে
July 29th, 05:00 pm
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক ‘অপাৰেচন সিন্দুৰ’ৰ ওপৰত এক বিশেষ আলোচনাৰ সময়ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণ দিয়ে। সদনত ভাষণ দি, প্ৰধানমন্ত্ৰীয়ে অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ লোকৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰে, আৰু কয় যে তেওঁ সংসদৰ সকলো সন্মানীয় সদস্যক এই অধিৱেশনখনক ভাৰতৰ বিজয়ৰ উদযাপন আৰু ভাৰতৰ গৌৰৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিবলৈ আবেদন জনায়।আদমপুৰ বিমান ঘাটিত সাহসী বায়ু যোদ্ধা আৰু সৈনিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
May 13th, 03:45 pm
কেইদিনমান পূৰ্বে এই শ্ল’গানৰ শক্তি বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰত মাতা কী জয় কেৱল এক শ্ল’গানেই নহয়, বৰঞ্চ এয়া ভাৰত মাতাৰ সন্মান আৰু মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ নিজৰ প্ৰাণো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা দেশৰ প্ৰতিগৰাকী জোৱানৰ সংকল্পও। এয়া হৈছে দেশখনৰ বাবে জীয়াই থাকিব বিচৰা, কিবা এটা সাধন কৰিব বিচৰা প্ৰতিগৰাকী নাগৰিকৰ কণ্ঠ। সকলো ক্ষেত্ৰতে ভাৰত মাতা কী জয়ৰ অনুৰণন ঘটে। ভাৰতৰ সৈন্যসকলে ভাৰত মাতা কী জয় বুলি কোৱা মাত্ৰেকে শত্ৰুৰ অন্তৰ কঁপি উঠে। আমাৰ ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰোঁতে, আমাৰ মিছাইলে লক্ষ্যত উপনীত হওঁতে শত্ৰুৱে ভাৰত মাতা কী জয় ধ্বনি শুনিবলৈ পায়! ৰাতিৰ আন্ধাৰতো যেতিয়া আমাৰ সূৰ্য্য উদয় হয়, তেতিয়া শত্ৰুৱে শুনে - ভাৰত মাতা কী জয়! আমাৰ বাহিনীসমূহে পাৰমাণৱিক ভাবুকিক বিফল কৰোঁতে আকাশৰ পৰা পাতাললৈ মাথোঁ এটা ধ্বনিয়েই গুঞ্জৰিত হয় – সেয়া হৈছে ভাৰত মাতা কী জয়!আদমপুৰ বায়ু সেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 13th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদমপুৰস্থিত বায়ুসেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে পৰিদৰ্শন কৰি মত বিনিময় কৰে। সেনা জোৱানসকলক সম্বোধন কৰি তেওঁ ‘ভাৰত মাতা কি জয়’ শ্লোগানৰ শক্তিৰ ওপৰত আলোকপাত কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে বিশ্বই মাত্ৰ ইয়াৰ শক্তিৰ সাক্ষী হৈছে। এয়া কেৱল এটা শ্লোগান নহয় বৰঞ্চ ভাৰত মাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা প্ৰতিজন জোৱানৰ গম্ভীৰ শপত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শ্লোগান হৈছে দেশৰ বাবে জীয়াই থাকিব বিচৰা আৰু অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বিচৰা প্ৰতিজন নাগৰিকৰ কণ্ঠ। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ অভিযান দুয়োটাতে প্ৰতিধ্বনিত হয়। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ অভিযানৰ সময়ত দুয়োটাতে প্ৰতিধ্বনিত হয়। ভাৰতীয় জোৱানে ভাৰত মাতা কি জয় শ্লোগান চিঞৰিলে শত্ৰুৰ মেৰুদণ্ডত কঁপনি উঠে বুলিও তেওঁ কয়। ভাৰতৰ সামৰিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যেতিয়া ভাৰতীয় ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰে আৰু যেতিয়া ক্ষেপণাস্ত্ৰই নিখুঁত আক্ৰমণ কৰে তেতিয়া শত্ৰুৱে মাত্ৰ এটা বাক্যহে শুনে-‘ভাৰত মাতা কি জয়’। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে আন্ধাৰ ৰাতিতো আকাশ পোহৰাই তোলাৰ ক্ষমতা ভাৰতত আছে, যাৰ ফলত শত্ৰুৱে দেশৰ অদম্য মনোভাৱ উপলব্ধি কৰে। তেওঁ কয় যে যেতিয়া ভাৰতীয় সেনাই পাৰমাণৱিক ব্লেকমেইলৰ ভাবুকি নষ্ট কৰে, তেতিয়া আকাশ আৰু পৃথিৱীত মাত্ৰ এটা বাৰ্তাহে প্ৰতিধ্বনিত হয়-‘ভাৰত মাতা কি জয়’।সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
May 13th, 01:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ কৰে। শ্ৰী মোদীয়ে কয়, সাহস, সংকল্প আৰু নিৰ্ভীকতাৰ প্ৰকৃত দৃষ্টান্ত দেখুওৱাসকলৰ সৈতে থকাটো আছিল এটা অতি বিশেষ অভিজ্ঞতা।