বিশ্বই এতিয়া নিশ্চয় ভাৰতীয় ষ্টাৰ্টআপ বিচাৰিছে: স্পেচ ষ্টাৰ্টআপৰ চিইঅ’সকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

August 23rd, 11:42 am

স্পেচ ষ্টাৰ্টআপৰ চিইঅ’সকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নতুন খণ্ডত প্ৰৱেশ কৰাৰ সাহসৰ বাবে প্ৰশংসা কৰে। এই পাৰস্পৰিক ক্ৰিয়া-কলাপত মহাকাশ খণ্ড ব্যক্তিগত খেলুৱৈৰ বাবে মুকলি কৰা, ভাৰতীয় কোম্পানীসমূহৰ বাবে চৰকাৰী সমৰ্থন, ৰবটিক মহাকাশযান, সঘনাই ৰকেট উৎক্ষেপণ আৰু ভাৰতৰ প্ৰথম মহাকাশ-ফাৰ্মা ষ্টাৰ্টআপকে ধৰি কেইবাটাও আকৰ্ষণীয় বিষয় সামৰি লোৱা হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশ ষ্টাৰ্টআপৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে

August 23rd, 11:30 am

প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশ ষ্টাৰ্টআপৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত-বিনিময় কৰি নতুন এটা খণ্ডত প্ৰৱেশ কৰাৰ সাহসৰ বাবে তেওঁলোকক প্ৰশংসা কৰে। এই মত-বিনিময়ত ব্যক্তিগত খণ্ডৰ বাবে মহাকাশ খণ্ড মুকলি কৰা, ভাৰতীয় কোম্পানীসমূহৰ বাবে চৰকাৰৰ সহায়-সমৰ্থন, ৰবটিক মহাকাশযান, সঘনাই ৰকেট উৎক্ষেপণ আৰু ভাৰতৰ প্ৰথমটো মহাকাশ-ফাৰ্মা ষ্টাৰ্টআপকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় বিষয় আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে মহাকাশ ষ্টাৰ্টআপৰ চিইঅ’ আৰু প্ৰতিষ্ঠাপকৰ সৈতে মত বিনিময় কৰে

August 21st, 02:21 pm

প্ৰধানমন্ত্ৰী মোদীয়ে ২০টা মহাকাশ ষ্টাৰ্টআপৰ চিইঅ’ আৰু প্ৰতিষ্ঠাপকৰ সৈতে মত বিনিময় কৰি ভাৰতৰ ক্ৰমবৰ্ধমান ব্যক্তিগত মহাকাশ পৰিৱেশ তন্ত্ৰ আৰু বিশ্ব প্ৰতিভা, কোম্পানী আৰু বিনিয়োগক আকৰ্ষণ কৰাৰ ইয়াৰ সম্ভাৱনাক আলোকপাত কৰে। তেওঁ মহাকাশ প্ৰযুক্তিৰ বহল প্ৰয়োগ, উদ্যোগৰ শক্তিশালী সহযোগিতা আৰু মহাকাশৰ প্ৰতি যুৱ মনক অনুপ্ৰাণিত কৰাৰ অধিক প্ৰচেষ্টাক উৎসাহিত কৰে।

বিক্ৰম-1-ৰ সফল উৎক্ষেপণৰ বাবে স্কাইৰুট এৰ’স্পেচৰ দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

July 18th, 01:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্কাইৰুট এৰ’স্পেচৰ দলৰ সৈতে বাৰ্তালাপ কৰে আৰু বিক্ৰম-1 ৰ সফল উৎক্ষেপণৰ বাবে তেওঁলোকক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এয়া ভাৰতৰ মহাকাশ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত। আমাৰ ব্যক্তিগত খণ্ডৰ বৰ্ধিত অংশগ্ৰহণে নতুন সীমা মুকলি কৰিছে আৰু উদ্ভাৱনক ত্বৰান্বিত কৰিছে।

স্কাইৰুট এৰ’স্পেচলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

July 18th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত উৎক্ষেপণ বাহন বিক্ৰম-1-ৰ প্ৰথম কক্ষপথ উৎক্ষেপণৰ পূৰ্বে স্কাইৰুট এৰ’স্পেচক শুভেচ্ছা জ্ঞাপন কৰি ইয়াক দেশৰ মহাকাশ যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে বিক্ৰম-1 ৰ উৎক্ষেপণে ভাৰতৰ মহাকাশ উচ্চাকাংক্ষাৰ বাবে এক নতুন সীমা মুকলি কৰিছে আৰু উদ্ভাৱন, প্ৰযুক্তি তথা উদ্যোগশীলতাৰ ক্ষেত্ৰত দেশৰ বৰ্ধিত ক্ষমতাক প্ৰতিফলিত কৰিছে।

ভাৰত-জাপান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ইংৰাজী অনুবাদ

July 02nd, 03:35 pm

আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ সফলতাৰ বহুতো উৎকৃষ্ট উদাহৰণ আছে।

মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)

June 28th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।

ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ

May 18th, 05:00 am

মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।

উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

May 17th, 12:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ভাষান্তৰ

May 11th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম ছাত্রাবাস উদ্বোধন কৰে। সোমনাথ মন্দিৰে ইয়াৰ ৭৫ সংখ্যক অভিষেক বাৰ্ষিকী উদযাপন কৰাৰ দিনটোতে বদোদৰাৰ চৰ্দাৰ ধামত এক বিশেষ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিক স্মৰণৰ সৈতে শিক্ষা প্ৰতিষ্ঠান উদ্বোধনক শুভ কাকতালীয় ঘটনা বুলি অভিহিত কৰে। ড০ দুষ্যন্ত আৰু দক্ষ পেটেল কমপ্লেক্স উদ্বোধন কৰাৰ লগতে শিক্ষাদান সাহায্য আঁচনিৰ শুভাৰম্ভ কৰা আৰু একাধিক শৈক্ষিক প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠান আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে পথ মুকলি হ’ব বুলি উল্লেখ কৰে। ‘মাত্ৰ কেইঘণ্টামান পূৰ্বে মই প্ৰভাস পাটানত সোমনাথ অমৃত মহোৎসৱ উদযাপন কৰি আছিলো আৰু এতিয়া ইয়াত আমি পৰিবৰ্তনশীল শিক্ষা প্ৰতিষ্ঠানসমূহ উদ্বোধন কৰিছো, এই সমন্বয়ৰ জৰিয়তে ঐতিহ্য আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হৈছে’, শ্ৰী মোদীয়ে কয়।

গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 11th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম ছাত্রাবাস উদ্বোধন কৰে। সোমনাথ মন্দিৰে ইয়াৰ ৭৫ সংখ্যক অভিষেক বাৰ্ষিকী উদযাপন কৰাৰ দিনটোতে বদোদৰাৰ চৰ্দাৰ ধামত এক বিশেষ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিক স্মৰণৰ সৈতে শিক্ষা প্ৰতিষ্ঠান উদ্বোধনক শুভ কাকতালীয় ঘটনা বুলি অভিহিত কৰে। ড০ দুষ্যন্ত আৰু দক্ষ পেটেল কমপ্লেক্স উদ্বোধন কৰাৰ লগতে শিক্ষাদান সাহায্য আঁচনিৰ শুভাৰম্ভ কৰা আৰু একাধিক শৈক্ষিক প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠান আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে পথ মুকলি হ’ব বুলি উল্লেখ কৰে। ‘মাত্ৰ কেইঘণ্টামান পূৰ্বে মই প্ৰভাস পাটানত সোমনাথ অমৃত মহোৎসৱ উদযাপন কৰি আছিলো আৰু এতিয়া ইয়াত আমি পৰিবৰ্তনশীল শিক্ষা প্ৰতিষ্ঠানসমূহ উদ্বোধন কৰিছো, এই সমন্বয়ৰ জৰিয়তে ঐতিহ্য আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হৈছে’, শ্ৰী মোদীয়ে কয়।

ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি

February 18th, 08:10 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।

বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 12th, 06:45 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে

January 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।

Cabinet approves Rs.7,280 Crore for Sintered Rare Earth Permanent Magnets Scheme

November 26th, 04:25 pm

The Union Cabinet, chaired by PM Modi, has approved the 'Scheme to Promote Manufacturing of Sintered Rare Earth Permanent Magnets' with an outlay of Rs. 7,280 crore. The initiative aims to establish 6,000 MTPA of integrated Rare Earth Permanent Magnet manufacturing in India, boosting self-reliance and strengthening India's position in the global market.

ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া

November 26th, 10:10 am

মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে

November 26th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।

৩০ মাৰ্চত প্ৰধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় ভ্ৰমণ

March 28th, 02:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মাৰ্চত মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব। নাগপুৰত পুৱা প্ৰায় ৯ বজাত উপস্থিত হৈ তেওঁ স্মৃতি মন্দিৰত দৰ্শন কৰিব আৰু তাৰ পাছত দীক্ষাভূমিলৈ যাব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি

February 12th, 03:22 pm

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।

চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 12th, 12:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ৱে আজি পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। এই মঞ্চই প্ৰতিৰক্ষা, এৰ’স্পেচ, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আন্তঃগাঁথনি, উন্নত উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জীৱন-বিজ্ঞান, সুস্থতা আৰু জীৱনশৈলী আৰু খাদ্য তথা আতিথ্যৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়ো পক্ষৰে বিভিন্ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক একত্ৰিত কৰে।