বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।ইথিঅ'পিয়াৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
December 17th, 12:25 pm
আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।ইথিঅ’পিয়াত সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 17th, 12:12 pm
প্ৰধানমন্ত্ৰীয়ে ইথিঅ’পিয়াৰ সাংসদসকলক ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ শুভেচ্ছা জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে সংসদত আৰু গণতন্ত্ৰৰ এই মন্দিৰৰ জৰিয়তে ইথিঅ’পিয়াৰ সাধাৰণ মানুহ-কৃষক, উদ্যোগী, গৌৰৱান্বিত মহিলা আৰু দেশৰ ভৱিষ্যত গঠন কৰা যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিবলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্য। তেওঁ ইথিঅ’পিয়াৰ জনসাধাৰণ আৰু চৰকাৰক তেওঁক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা-‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বহু বছৰ পুৰণি সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।ইথিঅ’পিয়াৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ পাছত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
December 17th, 09:25 am
আজি মহান দেশ ইথিঅ’পিয়াত আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে সৌভাগ্যৰ বিষয়। মই আজি দুপৰীয়া ইথিঅ’পিয়াত উপস্থিত হৈছো আৰু সেই মুহূৰ্তৰ পৰাই মই ইয়াৰ লোকসকলৰ পৰা এক উল্লেখযোগ্য উষ্ম আন্তৰিকতা অনুভৱ কৰিছো। প্ৰধানমন্ত্ৰীয়ে নিজেই মোক বিমানবন্দৰত আদৰণি জনাবলৈ আহিছিল আৰু মোক ফ্ৰেণ্ডশ্বিপ পাৰ্ক আৰু বিজ্ঞান সংগ্ৰহালয়লৈ লৈ গৈছিল।ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূল পাঠ
December 17th, 09:12 am
ইথিঅ’পিয়া ভ্ৰমণ কৰাটো সঁচাকৈয়ে মোৰ বাবে এক অতি আনন্দৰ বিষয়। এইটো মোৰ প্ৰথম ইথিঅ’পিয়া ভ্ৰমণ। কিন্তু ইয়াত উপস্থিত হোৱাৰ লগে লগে মোৰ একাত্মতা আৰু গভীৰ ঘনিষ্ঠতাৰ এক অতি গভীৰ অভিজ্ঞতা হৈছে। ভাৰত আৰু ইথিঅ’পিয়াত হাজাৰ হাজাৰ বছৰ ধৰি নিৰন্তৰ যোগাযোগ, আলোচনা আৰু বিনিময় হৈ আহিছে। বহু ভাষা আৰু সমৃদ্ধ পৰম্পৰাৰে সমৃদ্ধ আমাৰ দুয়োখন দেশ বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰতীক। দুয়োখন দেশ শান্তি আৰু মানৱ কল্যাণৰ বাবে দায়বদ্ধ গণতান্ত্ৰিক শক্তি। আমি গোলকীয় দক্ষিণত সহযাত্রী আৰু অংশীদাৰো। আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চতো কান্ধত কান্ধ মিলাই থিয় দিছো।ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা
December 17th, 12:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদ্দিছ আবাবা ৰাষ্ট্ৰীয় প্ৰসাদত ইথিঅ’পিয়াৰ ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মাননীয় ড0 আবি আহমেদক সাক্ষাৎ কৰে। প্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী ড0 আবি আহমেদে আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰীক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা প্ৰদান
December 16th, 11:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫চনৰ ডিচেম্বৰৰ পৰা ইথিঅ’পিয়াত প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক ভ্ৰমণ কৰিছে। আজি আদ্দিছ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ভাৰত- ইথিঅ’পিয়া অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী অৱদানৰ বাবে আৰু বিশ্ব ৰাজনীতিবিদ হিচাপে তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা 'গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া' প্ৰদান কৰে।ইথিওপিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক বিশেষ আদৰণি
December 16th, 06:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ইথিওপিয়াৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ উপলক্ষে আজি আদিছ আবাবাত উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আৰু বিশেষ অনুষ্ঠানেৰে তেওঁক ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদ আলীয়ে উষ্ম আৰু বৰ্ণাঢ্য আদৰণি জনায়।প্ৰধানমন্ত্ৰীৰ জৰ্ডান, ইথিওপিয়া, ওমান ভ্ৰমণ
December 11th, 08:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ-II বিন আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৫–১৬ ডিচেম্বৰত জৰ্ডানৰ হাশ্বিমিত সাম্ৰাজ্য ভ্ৰমণ কৰিব।এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা আব্দুল্লাহ দ্বিতীয় বিন আল হুছেইনক সাক্ষাৎ কৰি ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত দুয়ো মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই ভ্ৰমণে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সংযোগ আৰু অধিক শক্তিশালী কৰিব। তদুপৰি, এই ভ্ৰমণে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ লগতে আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাক দোঁহাৰে।Prime Minister Narendra Modi’s meeting with Prime Minister of the Republic of Ethiopia
August 24th, 11:27 pm
PM Modi met H.E. Dr. Abiy Ahmed Ali, Prime Minister of the Republic of Ethiopia, in Johannesburg on the sidelines of the 15th BRICS Summit. Both leaders held productive discussions on key areas including development partnership & capacity building among various others. PM Modi congratulated PM Abiy Ahmed on Ethiopia’s membership of BRICS and appreciated PM Abiy Ahmed for his participation in the Voice of Global South Summit.Phone call between Prime Minister Shri Narendra Modi and H.E. Dr. Abiy Ahmed Ali, Prime Minister of Federal Democratic Republic of Ethiopia
May 06th, 07:08 pm
PM Narendra Modi had a phone call with H.E. Dr. Abiy Ahmed Ali, Prime Minister of the Federal Democratic Republic of Ethiopia. The two leaders discussed the domestic, regional and global challenges posed by the COVID-19 pandemic, and expressed solidarity with each other during the health crisis.