প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 29th, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰ মাহত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াৰ একতা নগৰলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৫.১৫ বজাত ই-বাছৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬.৩০ বজাত তেওঁ একতা নগৰত ১,১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।