সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।ৰাজহুৱা সেৱা সম্প্ৰচাৰৰ বাবে গুৰুত্বপূৰ্ণ উদগনি: ২০২৫-২৬ বৰ্ষৰ বাবে ২,৫৩৯.৬১ কোটি টকাৰ ব্যয়েৰে কেন্দ্ৰীয় খণ্ডৰ 'সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন (বিআইএনডি) আঁচনিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন
January 04th, 04:22 pm
অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে আজি প্ৰসাৰ ভাৰতী অৰ্থাৎ অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২,৫৩৯.৬১ কোটি টকা ব্যয়েৰে কাৰ্যকৰী হ’বলগীয়া কেন্দ্ৰীয় খণ্ডৰ আঁচনি সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন চমুকৈ BIND সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ এই সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন আঁচনি হৈছে সংগঠনটোৰ আন্তঃগাঁথনি সম্পৰ্কীয় ব্যয়, সমল সৃষ্টি আৰু সম্প্ৰসাৰণ তথা অসামৰিক কৰ্মীলৈ সম্প্ৰচাৰ উন্নীতকৰণৰ বাবে প্ৰসাৰ ভাৰতীক বিত্তীয় সাহায্য প্ৰদান কৰা এক অভিলাষী প্ৰকল্প।শান্ত আৰু সুস্থিৰ মনেৰে আটাইতকৈ জটিল অভিযান সম্পন্ন কৰিব পৰা যায়ঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
July 29th, 11:30 am
মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকৃতি সজাগতা আৰু সুৰক্ষাৰ সন্দৰ্ভত কয়। থাইলেণ্ডত তৰুণ ফুটবল দলৰ উদ্ধাৰ অভিযান সফলতাৰে সম্পন্ন হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে শান্ত আৰু সুস্থিৰ মনেৰে আটাইতকৈ জটিল অভিযান সম্পন্ন কৰিব পৰা যায়। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন কৰা একাধিক ভাৰতীয় খেলুৱৈক ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।কাইলৈ দেশজুৰি কৃষকৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 07:17 pm
প্ৰধানমন্ত্ৰীয়ে কাইলৈ পুৱা ৯.৩০ বজাত ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব। এই বাৰ্তালাপৰ জৰিয়তে তেওঁ প্ৰত্যক্ষভাৱে কৃষকসকলৰ সমস্যাৰ বিষয়ে শুনাৰ সুযোগ লাভ কৰিব। অনুষ্ঠানত কৃষকসকলৰ উপাৰ্জন দুগুন কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহো আলোচনা কৰা হ’ব।