পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 18th, 08:45 pm
আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰিবলৈ আহিছো— বিশেষকৈ আমাৰ দেশৰ মাতৃ, ভগ্নী, কন্যাৰ সৈতে কথা পাতিবলৈ আহিছো! আজি ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে প্ৰত্যক্ষ কৰিছে ভাৰতৰ ‘নাৰী শক্তি’ কিদৰে জাগ্ৰত হৈছে। কিন্তু তেওঁলোকৰ সপোনবোৰ নিৰ্দয়ভাৱে থেতেলিয়াই পেলোৱা হৈছে। আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা সত্ত্বেও আমি সফল নহ’লোঁ; 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনী গৃহীত কৰাব নোৱাৰিলে! আৰু ইয়াৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীলৈ আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 18th, 08:30 pm
ভাৰতৰ মাতৃ, ভগ্নী, কন্যাক লৈ এটা গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নাৰীৰ প্ৰগতিৰ স্থৱিৰতাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনী গৃহীত নহ’ল, যাৰ ফলত মহিলাসকলৰ বৈধ সপোন সম্পূৰ্ণৰূপে মোহাৰি পেলোৱা হল। শ্ৰী মোদীয়ে কয় যে এই দুৰ্ভাগ্যজনক ফলাফলৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 27th, 08:30 pm
আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে
February 27th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 13th, 08:30 pm
গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ
December 25th, 06:16 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন
December 25th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 09th, 02:51 pm
শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 09th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা উন্মোচনৰ সময়ত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 26th, 11:30 am
নৱৰাত্ৰিৰ এই শুভ দিনবোৰত বিহাৰৰ নাৰী শক্তিৰ লগত তেওঁলোকৰ আনন্দৰ সৈতে যোগদান কৰাৰ সুযোগ পাইছো। মই ইয়াত পৰ্দাত চাই আছিলো, লাখ লাখ মহিলা আৰু ভগ্নীক দেখিছো । এই পৱিত্ৰ নৱৰাত্ৰিৰ উৎসৱত আপোনালোকৰ আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক বৃহৎ শক্তি। আজি আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আজিৰে পৰা 'মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা'ৰ শুভাৰম্ভ কৰা হৈছে বুলি ঘোষণৈা কৰিলো। মোক কোৱাৰ দৰে এই আঁচনিখনত এতিয়ালৈকে ৭৫ লাখ মহিলাই যোগদান কৰিছে। এইমাত্ৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ ১০,০০০ টকাকৈ পঠিওৱা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰে
September 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ শুভাৰম্ভ কৰে।এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নৱৰাত্ৰি উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বিহাৰৰ মহিলাসকলৰ উৎসৱ উদযাপনত যোগদান কৰি আনন্দ প্ৰকাশ কৰে আৰু আজি মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা আৰম্ভ কৰা বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইতিমধ্যে ৭৫ লাখ মহিলাই এই পদক্ষেপত যোগদান কৰিছে। তেওঁ ঘোষণা কৰে যে এই ৭৫ লাখ মহিলাৰ প্ৰত্যেকৰে বেংক একাউণ্টত একেলগে ১০,০০০ টকা স্থানান্তৰ কৰা হৈছে।গ্ৰেটাৰ নয়দাত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 25th, 10:22 am
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উত্তৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীবৰ্গ, উত্তৰপ্ৰদেশ বিজেপিৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰী, উদ্যোগ খণ্ড সহযোগীসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল।উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়ডাত উত্তৰ প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 25th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়ডাত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী ২০২৫ উদ্বোধন কৰি ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা সকলো ব্যৱসায়ী, বিনিয়োগকাৰী, উদ্যোগী আৰু যুৱ অংশগ্ৰহণকাৰীক আদৰণি জনায়। তেওঁ এই অনুষ্ঠানত ২২০০ৰো অধিক প্ৰদৰ্শকে নিজৰ সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰাত আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে এই সংস্কৰণৰ বাণিজ্যিক প্ৰদৰ্শনীৰ বাবে ৰাছিয়া দেশৰ অংশীদাৰ বুলি আলোকপাত কৰি সময়ৰ পৰীক্ষামূলক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, চৰকাৰী সহযোগী আৰু অন্যান্য অংশীদাৰসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই উপলক্ষে অন্ত্যোদয়াৰ পথত দেশক পথ প্ৰদৰ্শন কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখিছে প্ৰান্তীয় ব্যক্তিজনৰ উত্থান। তেওঁ দৃঢ়তাৰে কয় যে অন্ত্যোদয়াৰ অৰ্থ হ’ল উন্নয়নে দৰিদ্ৰ লোকৰ ওচৰলৈও যোৱাটো নিশ্চিত কৰা, সকলো ধৰণৰ বৈষম্য দূৰ কৰা। তেওঁ লগতে কয় যে ভাৰতে এতিয়া সৰ্বাংগীন উন্নয়নৰ এই আৰ্হিটোৱেই বিশ্বক আগবঢ়াইছে।নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 06th, 07:00 pm
বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে
August 06th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।‘৪৬ সংখ্যক প্ৰগতি বাৰ্তালাপ’ত প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষতা কৰে
April 30th, 08:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু নিৰ্দ্ধাৰিত সময়সূচী অনুসৰি ৰূপায়ণ নিশ্চিত কৰাৰ বাবে ‘আইচিটি’-আধাৰিত বহুমুখী মঞ্চ ‘প্ৰাগতি’ৰ ৪৬ সংখ্যক সংস্কৰণৰ এখন বৈঠকত সভাপতিত্ব কৰে।গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 07th, 05:34 pm
আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।