নতুন দিল্লীত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
November 17th, 08:30 pm
আজি আমি সকলোৱে ইয়াত সমবেত হৈ ভাৰতীয় গণতন্ত্ৰত সাংবাদিকতা, প্ৰকাশভংগী, জনআন্দোলনৰ শক্তিক নতুন উচ্চতা প্ৰদান কৰা এজন ব্যক্তিত্বক সন্মান জনাইছো। দূৰদৰ্শী হিচাপে, প্ৰতিষ্ঠান নিৰ্মাতা হিচাপে, জাতীয়তাবাদী হিচাপে, সংবাদ মাধ্যমৰ নেতা হিচাপে ৰামনাথ জীয়ে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপেই নহয়, ভাৰতবাসীৰ মাজত মিছন হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। গতিকে একবিংশ শতিকাৰ এই যুগত যেতিয়া ভাৰতে উন্নত জাতি হোৱাৰ সংকল্প লৈ আগবাঢ়িছে, তেতিয়া ৰামনাথ জীৰ দায়বদ্ধতা, তেওঁৰ প্ৰচেষ্টা, তেওঁৰ দৃষ্টিভংগী আমাৰ বাবে এক বৃহৎ প্ৰেৰণাৰ উৎস। এই বক্তৃতাত মোক আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনালোক সকলোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে
November 17th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্যোগত আয়োজিত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজি আমি ভাৰতত গণতন্ত্ৰ, সাংবাদিকতা, প্ৰকাশভংগী, আৰু ৰাজহুৱা আন্দোলনৰ শক্তিক উন্নীত কৰা এজন বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ বাবে একত্ৰিত হৈছো। তেওঁ আলোকপাত কৰে যে শ্ৰী ৰামনাথ গোৱেংকা এজন দূৰদৰ্শী, এজন প্ৰতিষ্ঠান নিৰ্মাতা, এজন জাতীয়তাবাদী আৰু এজন সংবাদ মাধ্যমৰ নেতা হিচাপে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপে নহয়, ভাৰতৰ জনসাধাৰণৰ মাজত এক অভিযান হিচাপে প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁ কয় যে একবিংশ শতিকাৰ এই যুগত ভাৰতে উন্নত হোৱাৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ লগে লগে শ্ৰী ৰামনাথ গোৱেংকাৰ দায়বদ্ধতা, প্ৰচেষ্টা, দৃষ্টিভংগীয়ে প্ৰেৰণাৰ এক বৃহৎ উৎস হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এই বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
October 11th, 09:30 am
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে লোকনায়ক জেপিয়ে সাধাৰণ নাগৰিকৰ সবলীকৰণ আৰু সাংবিধানিক প্ৰমূল্যবোধক সুদৃঢ়কৰণৰ বাবে নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। তেওঁৰ সম্পূৰ্ণ ক্ৰান্তিৰ আহ্বানে এখনি সমতা, নৈতিকতা আৰু সুশাসন আধাৰিত ৰাষ্ট্ৰৰ কল্পনা কৰা এক সামাজিক আন্দোলনক প্ৰজ্জ্বলিত কৰিছিল।নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
October 01st, 10:45 am
মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
October 01st, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত
August 15th, 03:52 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।India celebrates 79th Independence Day
August 15th, 06:45 am
PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।সংবিধান হত্যা দিৱসত গণতন্ত্ৰৰ ৰক্ষকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 25th, 09:32 am
জৰুৰীকালীন অৱস্থা ঘোষণা সম্পূৰ্ণ হোৱাৰ পঞ্চাশ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায়ৰ সময়ত গণতন্ত্ৰ ৰক্ষাৰ বাবে থিয় দিয়া অগণন ভাৰতীয়ক আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।PM remembers those who resisted Emergency
June 25th, 12:10 pm
PM Modi remembered all those greats who resisted the Emergency and protected Indian democracy. “The #DarkDaysOfEmergency can never be forgotten. The period from 1975 to 1977 witnessed a systematic destruction of institutions. Let us pledge to do everything possible to strengthen India’s democratic spirit, and live up to the values enshrined in our Constitution, PM Modi said in a tweet.Ideology should never be put before national interest: PM Modi
November 12th, 06:31 pm
PM Narendra Modi unveiled a statue of Swami Vivekananda in JNU Campus, New Delhi through video conferencing. Addressing the programme, the Prime Minister said it is natural to be proud of one’s ideology but on the subjects of national interest, our ideology should be seen standing with the nation not against it.PM unveils statue of Swami Vivekananda at JNU Campus
November 12th, 06:30 pm
PM Narendra Modi unveiled a statue of Swami Vivekananda in JNU Campus, New Delhi through video conferencing. Addressing the programme, the Prime Minister said it is natural to be proud of one’s ideology but on the subjects of national interest, our ideology should be seen standing with the nation not against it.English rendering of Prime Minister’s reply to the Motion of thanks on President’s address in the Rajya Sabha on 26 June, 2019
June 26th, 02:01 pm
PM Modi replied to the motion of thanks on the President’s address, in Rajya Sabha. The Prime Minister said that the mandate of the 2019 Lok Sabha elections showcases the desire of the citizens for stability. He added that the trend of electing stable governments is now being seen in various States.ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক বক্তব্য
June 26th, 02:00 pm
ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ প্ৰতি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদসূচক বক্তব্য প্ৰদান কৰে৷ তেওঁ বিতৰ্কত অংশগ্ৰহণ তথা অৱদান আগবঢ়োৱাৰ বাবে উচ্চ সদনৰ সাংসদসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ ৰাজ্যসভাৰ প্ৰয়াত সাংসদ শ্ৰী মদনলাল ছাইনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও নিবেদন কৰে৷Today, we have to live for the nation and build the India our freedom fighters dreamt of: PM Modi
June 25th, 05:25 pm
Replying to the Motion of Thanks on the President's address, PM Modi said that the people of India elected a stable Government. He said, “The 2019 Lok Sabha elections show that more than themselves, the people of India are thinking about the good of the nation.” Further adding, the PM said, “Today is 25th June. Emergency was imposed on this date when the Constitution was trampled over, media was gagged and judiciary bullied. We should not forget those dark days so that no one thinks of repeating them.”লোকসভাত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক ভাষণ
June 25th, 05:22 pm
সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ বিপৰীতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধন্যবাদসূচক ভাষণ প্ৰদান কৰে৷ তেওঁ সংসদৰ সাংসদসকলক বিশেষকৈ প্ৰথমবাৰলৈ সাংসদ হৈ অহাসকলক বিভিন্ন বিতৰ্কত ভাগ লোৱাৰ বাবে ধন্যবাদ জনায়৷ তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত কোটি কোটি ভাৰতীয়ৰ সপোনৰ এখন নতুন ভাৰত পৰিস্ফূট হৈছে৷এনএইচআৰচিৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 12th, 05:16 pm
মঞ্চত উপস্থিত মোৰ মন্ত্রী পৰিষদৰ সতীৰ্থ ৰাজনাথ সিংজি, মনোজ সিনহাজি, এনএইচআৰচিৰ অধ্যক্ষ ন্যায়াধীশ এছ এল দট্টুজি, আয়োগৰ সদস্যবৰ্গ আৰু উপস্থিত সন্মানীয় পুৰুষ-মহিলাসকল।এনএইচআৰচিৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তীত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
October 12th, 05:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এনএইচআৰচি)ৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তীত ভাষণ প্ৰদান কৰে৷Congress divides, BJP unites: PM Modi
October 10th, 05:44 pm
Prime Minister Narendra Modi today interacted with BJP booth Karyakartas from five Lok Sabha seats - Raipur, Mysore, Damoh, Karauli-Dholpur and Agra. During the interaction, PM Modi said that BJP was a 'party with a difference'. He said that the BJP was a cadre-driven party whose identity was not limited to a single family or clan.