প্ৰধানমন্ত্ৰীয়ে ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ পৰিবেশ, চিঅ’পি-৩০ আৰু বিশ্ব স্বাস্থ্য অধিবেশন সম্বোধন কৰে
July 07th, 11:38 pm
প্ৰধানমন্ত্ৰীয়ে আজি পৰিবেশ, চিঅ’পি-৩০ (COP-30) আৰু বিশ্ব স্বাস্থ্য বিষয়ক অধিবেশন সম্বোধন কৰে। এই অধিবেশনত ব্ৰিকছৰ সদস্য, অংশীদাৰ দেশ আৰু আমন্ত্ৰিত ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰে। তেখেতে ব্ৰাজিলক বিশ্বৰ ভৱিষ্যতৰ বাবে এনে অধিক গুৰুত্বপূৰ্ণ বিষয়সমূহত অধিবেশন আয়োজনৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে জলবায়ু পৰিৱৰ্তন কেৱল শক্তি সমস্যাৰে মোকাবিলাকৰণেই নহয়, বৰঞ্চ ই জীৱন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যতা ৰক্ষাকো সূচিত কৰে। তেখেতে কয় যে ভাৰতে জলবায়ু ন্যায়ক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু সেয়ে পালন কৰিব। পৰিবেশ কাৰ্য্যৰ প্ৰতি ভাৰতৰ গভীৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখেৰে তেখেতে জনসমৰ্থক আৰু গ্ৰহ সমৰ্থক বিকাশ আৰু উন্নয়নক প্ৰসাৰিতকৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে বিশদভাৱে কয়, যেনেঃ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট, গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স, আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স, মিছন লাইফ, এক পেড় মা কে নাম [মাতৃৰ বাবে এটি গছপুলি] আদি।ব্ৰিকছ সন্মিলনত পৰিৱেশ, COP-30, আৰু গ্ল’বেল হেল্থ বিষয়ক প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:13 pm
মই অতি আনন্দিত যে ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছে পৰিৱেশ আৰু স্বাস্থ্য সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক গুৰুত্বসহকাৰে অগ্ৰাধিকাৰ দিছে। এই বিষয়সমূহ কেৱল আন্তঃসংলগ্নই নহয়, মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ আঁৰত উৰুগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
July 07th, 09:20 pm
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী উৰুগুৱেৰ ৰাষ্ট্ৰপতি মহামহিম ইয়ামাণ্ডু অৰ্চিৰ সৈতে মিলিত হয়।ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত বলিভিয়াৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
July 07th, 09:19 pm
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বলিভিয়াৰ ৰাষ্ট্ৰপতি মহামহিম লুইছ আৰ্চে কাটাকোৰাৰ সৈতে মিলিত হয়।ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ
July 07th, 06:00 am
আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 07th, 05:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতি মাননীয় মিগুৱেল ডিয়াজ-কানেল বাৰ্মুডেজক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি ডায়েজ-কানেলক সাক্ষাৎ কৰিছিল, য’ত কিউবা আছিল বিশেষ আমন্ত্ৰিত ৰাষ্ট্ৰ।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 07th, 05:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় আনৱাৰ বিন ইব্ৰাহিমক সাক্ষাৎ কৰে।‘ব্ৰিকছৰ শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় অধিৱেশন’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যৰ ইংৰাজী অনুবাদৰ তৰ্জমা
July 06th, 11:07 pm
বিশ্ব শান্তি আৰু নিৰাপত্তা কেৱল আদৰ্শই নহয়, বৰঞ্চ ই আমাৰ অংশীদাৰিত্বপূৰ্ণ স্বাৰ্থ আৰু ভৱিষ্যতৰো বুনিয়াদ। শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশতহে মানৱতাৰ প্ৰগতি সম্ভৱ। এই উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ‘ব্ৰিকছ’-ৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি একত্ৰিত হৈ আমাৰ প্ৰচেষ্টাক সমবেত কৰি আমি সকলোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে সামূহীয়াভাৱে মোকাবিলা কৰাৰ সময় সমাগত হৈছে। আমি একেলগে আগবাঢ়িব লাগিব।ব্ৰিকছৰ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ : বিশ্ব শাসনৰ সংস্কাৰ
July 06th, 09:41 pm
সপ্তদশ ব্ৰিকছ সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্ৰাজিলৰ গতিশীল অধ্যক্ষতাৰ অধীনত আমাৰ ব্ৰিকছৰ সহযোগিতাই সতেজ গতি আৰু সজীৱতা লাভ কৰিছে৷ আৰু কওঁ—আমি যি শক্তি পাইছো সেয়া কেৱল এস্প্ৰেছ’ নহয়; ই এটা ডাবল এস্প্ৰেছ’ শ্বট! ইয়াৰ বাবে মই ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু তেওঁৰ অটল দায়বদ্ধতাক শলাগ লৈছো। ভাৰতৰ হৈ মোৰ বন্ধু ৰাষ্ট্ৰপতি প্ৰব’ৱ’লৈ ইণ্ডোনেছিয়া ব্ৰিকছ পৰিয়ালত অন্তৰ্ভুক্ত হোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।বহুপাক্ষিক, অৰ্থনৈতিক-বিত্তীয় বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ সন্দৰ্ভত ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 06th, 09:40 pm
সম্প্ৰসাৰিত ব্ৰিকছ পৰিয়ালৰ এই বৈঠকত মোৰ বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰাটো মোৰ বাবে অতি আনন্দৰ বিষয়। ব্ৰিকছ আউটৰিচ সন্মিলনত লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে মোৰ মতামত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি লুলাক মই আন্তৰিক ধন্যবাদ জনাইছো।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
July 06th, 09:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬-৭ জুলাই, ২০২৫ত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত আজি অংশগ্ৰহণ কৰে। নেতাসকলে বিশ্ব প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বৃদ্ধি, শান্তি আৰু নিৰাপত্তা, বহুপাক্ষিকতা শক্তিশালী কৰা, উন্নয়নৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা আদিকে ধৰি ব্ৰিকছৰ কাৰ্যসূচীৰ বিভিন্ন বিষয়ৰ ওপৰত ফলপ্ৰসূ আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে।